Mukh Khoni Goi Mukha hole

Songs – Mukh Khoni Goi Mukha hole.
Movie – Srimoti Mohimamoyee.
Singer – Kula Barua.
Lyrics – Dr. Nirmalprabha Bordoloi.

Mukh Khoni Goi Mukha hole

মুখখনি গৈ মুখা হ’ল ঐ,
ৰং ইমানকৈ সানিছা কেলৈ,
কোনেনো চাব ৰৈ ৰৈ,
ঐ দেহি কোনেও নেচাই ঐ.

মুখখনি গৈ মুখা হ’ল ঐ,
ৰং ইমানকৈ সানিছা কেলৈ,
কোনেনো চাব ৰৈ ৰৈ,
ঐ দেহি কোনেও নেচাই ঐ.

চকুতে ক’লা কাঁজল ওঁঠতে ৰঙা ৰং,
চুলি যেন চৰাই বাহ তাতে কিনো ছং.

চকুতে ক’লা কাঁজল ওঁঠতে ৰঙা ৰং
চুলি যেন চৰাই বাহ তাতে কিনো ছং,
মোৰে দেহি ক’তে মৰোঁগৈ
দেহি দেখি দুখে লাগে ঐ.

মোৰে দেহি ক’তে মৰোঁগৈ,
দেহি দেখি দুখে লাগে ঐ.

এখোজ দুখোজকৈ যোৱানো কলৈ
অভিমানিনী যোৱানো কলৈ,
বেয়া পালে কি যে কৰোঁ ঐ
ঐ দেহি সঁচা কথা কলোঁ সঁচাকৈ.

নেকান্দিবা বেয়া দেখি মুখ হ’ল পাঁচি,
অ’ নহয় অ’ নহয় যেন ফুলা লুচি.

নেকান্দিবা বেয়া দেখি মুখ হ’ল পাঁচি
অ’ নহয় অ’ নহয় যেন ফুলা লুচি,
আয়ৈ দেহি আৰু নকওঁ ঐ
সইত সইত কাণত ধৰোঁ ঐ.

আয়ৈ দেহি আৰু নকওঁ ঐ,
সইত সইত কাণত ধৰোঁ ঐ.

Submit your Songs Lyrics at Guide Assam.

2 thoughts on “Mukh Khoni Goi Mukha hole Songs Lyrics | Srimoti Mohimamoyee

Leave a Reply

Your email address will not be published. Required fields are marked *